শিকনৰ ফলাফলৰ ওপৰত শিক্ষাৰ্থীৰ আচৰণৰ প্ৰভাৱ

শিকনৰ ফলাফলৰ ওপৰত শিক্ষাৰ্থীৰ আচৰণৰ প্ৰভাৱ 

শিক্ষা আৰু মূল্যায়নৰ ক্ষেত্ৰত শৈক্ষিক সফলতা হৈছে এটা প্ৰতিষ্ঠিত শব্দ,বিগত বছৰবোৰত যাৰ সংজ্ঞায়েই বছৰ বছৰ ধৰি সলনি হৈ আহিছে। যদিও কিছুমানে পৰীক্ষাৰ শৃংখলা এটাত গ্ৰেডৰ দৰে সচৰাচৰ ব্যৱস্থাৰ জৰিয়তে ‘বিদ্যায়তনিক সফলতা’ নিৰ্ধাৰণ কৰে, আন কিছুমানে এই শব্দটো অধিক বহল অৰ্থত ব্যৱহাৰ কৰাৰ প্ৰতি আগ্ৰহী। শৈক্ষিক সফলতা নিৰ্ধাৰণ কৰা ব্যৱস্থাবোৰ চিনাক্ত কৰাৰ বাবে অধ্যয়নৰ দ্ৰুত সম্প্ৰসাৰণ হৈছে যিটোৱে এইটো সূচায় যে বিদ্যায়তনিক সফলতা মানে কেৱল পৰীক্ষাত পোৱা নম্বৰেই নহয়, এজন শিক্ষাৰ্থীৰ শিক্ষণ আৰু সামগ্ৰিক বিকাশ, যিকোনো পৰীক্ষা বা শৈক্ষিক সমস্যাৰ প্ৰতি শিক্ষাৰ্থীজনৰ মনোভাৱ, শৈক্ষিক বা অন্য কোনো বিষয়ৰ প্ৰতি শিক্ষাৰ্থীগৰাকীৰ মনোভাৱ উন্নত কৰা ধৰণৰ দিশসমূহকো বুজায়। Embibe ত, টেষ্টত এজন শিক্ষাৰ্থীৰ প্ৰদৰ্শন পৰিমাপণৰ বাবে আমি ইতিমধ্যে Embibe স্কোৰ ভাগফলৰ দৰে বিভিন্ন মাপকাঠি বিকশিত কৰিছোঁ। ধাৰণা নিপুণতাৰ নিচিনা আমি বিভিন্ন আদৰ্শ নমুনা ব্যৱহাৰ কৰি আছোঁ যি বায়েচিয়ান ন’লেজ ট্ৰেচিং এলগৰিথমৰ ওপৰত যথেষ্ট নিৰ্ভৰ কৰে।

শেহতীয়াকৈ, আমি এটা নতুন পদ্ধতি  বিকশিত কৰিছোঁ – একগ্ৰতাৰ নম্বৰ যি এজন শিক্ষাৰ্থীক তিনিটা পৰ্যায়ত জোখে আৰু এটা বা ততোধিক আচৰণ নিৰ্ধাৰণ কৰে ।

  • নিৰ্ভুলতা: টেষ্টত শিক্ষাৰ্থীজনে শুদ্ধ উত্তৰ দিয়া প্ৰশ্নৰ সংখ্যা আৰু শিক্ষাৰ্থীজনে প্ৰয়াস কৰা মুঠ প্ৰশ্নৰ সংখ্যাৰ শতাংশ
  • প্ৰয়াসৰ শতাংশ: শিক্ষাৰ্থীগৰাকীয়ে প্ৰয়াস কৰা প্ৰশ্নৰ সংখ্যা আৰু টেষ্টত থকা মুঠ প্ৰশ্নৰ সংখ্যাৰ শতাংশ
  • সময়ৰ শতাংশ: শিক্ষাৰ্থীগৰাকীয়ে লোৱা সময় আৰু টেষ্টটোৰ বাবে নিৰ্ধাৰিত সময়ৰ শতাংশ

প্ৰতিটো প্ৰাচলক বিভিন্ন বিভাগত শ্ৰেণীবদ্ধ কৰা হয় যি 10 টা অনন্য আচৰণত  সমাপ্ত হয় – চাৰিটা ধনাত্মক, পাঁচটা ঋণাত্মক, আৰু এটা নিৰপেক্ষ আচৰণ। সৰ্বশ্ৰেষ্ঠ আচৰণৰ পৰা সম্ভৱপৰ আটাইতকৈ বেয়া আচৰণলৈকে প্ৰতিটো আচৰণৰ বাবে এটা ৰেংক নিৰ্ধাৰণ কৰা হয়। কম ইতিবাচক স্থানৰ আচৰণৰ তুলনাত প্ৰতিটো আচৰণৰ টেষ্ট অন টেষ্ট স্কোৰৰ উত্তৰণ চিনাক্ত কৰাৰ অৰ্থে এটা এলগৰিথম বিকশিত কৰিবলৈ 2.5 নিযুতৰো অধিক মান্য টেষ্ট ছেছন(অধিবেশন) বিশ্লেষণ কৰা হয়। তথ্যৰ দ্ৱাৰা পৰিচালিত ধৰণে ফলাফলবোৰ পৃথক পৃথক হয় আৰু দীৰ্ঘকাল ধৰি সত্য বুলি বিশ্বাস কৰি অহা এটা সত্যক ই সংখ্যাগতভাৱে  প্ৰকাশ কৰে যে এজন শিক্ষাৰ্থীৰ মনোভাৱে তেওঁলোকৰ অগ্ৰগতি নিৰ্ধাৰণ কৰাত সহায় কৰে আৰু আনকি মধ্যমীয়া পৰ্যায়ৰ শিক্ষাৰ্থীকো উৎকৃষ্ট ফলাফল লাভ কৰাত সহায় কৰিব পাৰে। শিক্ষাৰ্থীসকলৰ টেষ্ট ছেছন(অধিবেশন)ৰ আৰম্ভণিৰ অৱস্থা আৰু আচৰণৰ শ্ৰেণীবিভাজনৰ ওপৰত ভিত্তি কৰি আমি গড় হিচাপত কম ইতিবাচক আচৰণৰ তুলনাত এটা আচৰণ কিমান দ্ৰুতগতিত উন্নত হয় তাৰ পৰিমাণ নিৰ্ধাৰণ কৰিব পাৰোঁ আৰু শিক্ষাৰ্থীসকলক উপযুক্ত আচৰণৰ প্ৰতি আগ্ৰহী কৰি তুলিব পাৰোঁ, লগতে এনেদৰে শিকনৰ ফলাফল উন্নত কৰি উন্নত আচৰণৰ জৰিয়তে তেওঁলোকে লাভ কৰিব পৰা অগ্ৰগতিৰ  হাৰৰ বিষয়ে শিক্ষাৰ্থীসকলক উৎসাহী কৰি তুলিব পাৰোঁ।

তালিকা 1: মেটাডেটাৰ সৈতে বিভিন্ন একাগ্ৰতাৰ নম্বৰৰ আচৰণ

একাগ্ৰতাৰ নম্বৰঅৰ্থৰেংক/ গুৰুত্ব
1– শ্ৰেষ্ঠ
10-নিকৃষ্ট
বৈশিষ্ট
নিয়ন্ত্ৰণত আছাশিশুটোৱে প্ৰয়োজনীয় চেষ্টাখিনি কৰিছে আৰু প্ৰায়ে সফলো হৈছে1ধনাত্মক
মাৰাথনাৰগড় ছেশ্যন এটাৰ সহনশীলতা উচ্চ  2ধনাত্মক
কঠোৰ পৰিশ্ৰম কৰিছাশিশুটোৱে যথেষ্ট চেষ্টা কৰিছে যদিও প্ৰায়েই অসফল হৈছে3ধনাত্মক
প্ৰায় সফল হৈছাইগড় ছেশ্যন এটাৰ সহনশীলতা মধ্যমীয়া4ধনাত্মক
লেহেমযথেষ্ট কষ্টৰ বলতহে শিশুটো সফল হৈছে5ধনাত্মক
আৰু অধিক পৰিশ্ৰম কৰাশিশুটোৱে প্ৰায়ে সফল হ’বলৈ বেছি কষ্ট কৰা নাই6নিষ্ক্ৰিয়
অতি আত্মবিশ্বাসীশিশুটো প্ৰভাৱশালী ধৰণে অতি আত্মবিশ্বাসী আৰু যথেষ্ট কষ্ট নকৰাকৈয়ে এই আত্মবিশ্বাস প্ৰয়োগ কৰে। 7ঋণাত্মক
নিম্ন আত্মবিশ্বাসএইবোৰ প্ৰয়োগ কৰিবলৈ শিশুটো প্ৰয়োজনীয়ভাৱে আত্মবিশ্বাসী নহয়8ঋণাত্মক
ইয়াৰ পৰা তালৈ জপিওৱাগড় ছেশ্যন এটাৰ সহনশীলতা অতি নিম্ন9ঋণাত্মক
অসাৱধান ( ৰাপহীনতা,অকেন্দ্ৰীভূত মনোযোগ, মনোযোগহীনতা) শিশুটোৱে হাতত পোৱা সমলসমূহ মুখ্যতঃ অতি কম পৰিমাণে ব্যৱহাৰ কৰিছে আৰু ফলস্ৱৰূপে নম্বৰ হেৰুৱাইছে 10ঋণাত্মক

এলগৰিথ্ম

ইনপুটছ

N: ধনাত্মক নম্বৰ বৃদ্ধিৰ সৈতে মান্য টেষ্ট ছেছন(অধিবেশন)ৰ মুঠ সংখ্যা

P: একাগ্ৰতাৰ নম্বৰৰ আচৰণৰ সংখ্যা

আউটপুট

একাগ্ৰতাৰ নম্বৰৰ প্ৰতিটো আচৰণৰ বাবে (ৰেংক 1-9), গড় হিচাপত, আন্তৰিকতা নম্বৰৰ সকলো কম ইতিবাচক আচৰণৰ তুলনাত টেষ্ট অন টেষ্টৰ উত্তৰণ  কিমান দ্ৰুত, তাক পৰ্যবেক্ষণ কৰা হয়।

পাৰিভাষিক শব্দাৱলী

  • প্ৰি-টেষ্ট: এটা নিৰ্দিষ্ট টেষ্টত এজন ব্যৱহাৰকাৰীয়ে দিয়া যিকোনো দুটা ক্ৰমাগত পৰীক্ষাৰ (সময়ানুসৰি ক্ৰমবদ্ধ) মাজত, দুয়োটাৰ মাজৰ প্ৰথম পৰীক্ষাটোক প্ৰি-টেষ্ট (প্ৰাক টেষ্ট) বুলি কোৱা হয়।
  • পোষ্ট টেষ্ট: এটা নিৰ্দিষ্ট টেষ্টত এজন ব্যৱহাৰকাৰীয়ে দিয়া যিকোনো দুটা ক্ৰমাগত পৰীক্ষাৰ (টাইমষ্টাম্প অনুসৰি ক্ৰমবদ্ধ) মাজত, দুয়োটাৰ মাজৰ দ্বিতীয় পৰীক্ষাটোক পোষ্ট টেষ্ট (পাছৰ টেষ্ট)বুলি কোৱা হয়।
  • মান্য টেষ্ট ছেছন(অধিবেশন): এটা টেষ্ট  ছেছন(অধিবেশন) মান্য  বুলি ধৰা হ’ব যদিহে এজন শিক্ষাৰ্থীয়ে:
  • টেষ্টৰ বাবে  নিৰ্ধাৰিত  সময়ৰ 10% বা ততোধিক সময় খৰছ কৰে
  • টেষ্ট এটাৰ মুঠ প্ৰশ্নৰ 10% বা ততোধিক প্ৰশ্নৰ উত্তৰ দিয়ে
  • 0 বা ততোধিক নম্বৰ লাভ কৰে
  • কম ইতিবাচক একাগ্ৰতাৰ নম্বৰ আচৰণ

একাগ্ৰতাৰ নম্বৰ আচৰণ দ্বিতীয় এটা একাগ্ৰতাৰ নম্বৰৰ আচৰণতকৈ কম ধনাত্মক বুলি গণ্য কৰা হয় যদিহে তালিকা 1-ৰ ওপৰত আধাৰিত ইয়াৰ ৰেংক মান দ্বিতীয়টোতকৈ অধিক হয়। একেদৰে, এটা একাগ্ৰতাৰ নম্বৰ আচৰণ দ্বিতীয় এটা আচৰণতকৈ ভাল বা অধিক ইতিবাচক একাগ্ৰতাৰ নম্বৰ আচৰণ বুলি গণ্য কৰা হয় যদি ই দ্বিতীয়টো আচৰণটোতকৈ তলৰ স্থানত থাকে।

কার্য্য প্রণালী

  1. Embibe ৰ সকলো টেষ্ট ছেছন(অধিবেশন)ৰ পৰা কেৱল মান্য টেষ্ট  ছেছন(অধিবেশন)বোৰহে বিবেচনা কৰা হয়। এই পদক্ষেপটোৰ বাবে টাইম কম্প্লেক্সিটি = 0(N)

2. প্ৰতিজন ব্যৱহাৰকাৰীৰ বাবে, তেওঁলোকৰ টেষ্ট  ছেছন(অধিবেশন)ক নিৰ্ভুলতা, প্ৰচেষ্টাৰ শতাংশ, আৰু সেই টেষ্ট  ছেছন(অধিবেশন)ত অতিবাহিত কৰা সময়ৰ ওপৰত ভিত্তি কৰি একাগ্ৰতাৰ নম্বৰ আচৰণত শ্ৰেণীবদ্ধ কৰা হৈছিল।

এই পদক্ষেপটোৰ বাবে টাইম কম্প্লেক্সিটি = 0(N)

3. শিক্ষাৰ্থীয়ে দিয়া প্ৰি-টেষ্ট আৰু পোষ্ট-টেষ্ট টেষ্টৰ মাজৰ নম্বৰৰ পাৰ্থক্য, টাইমষ্টাম্পৰ দ্বাৰা শ্ৰেণীবদ্ধ কৰা, একে লক্ষ্য নাম আৰু টেষ্টৰ নামৰ সৈতে গণনা কৰা হয়।

এই পদক্ষেপটোৰ বাবে টাইম কম্প্লেক্সিটি = 0(NlogN)

4. তালিকা 1-ৰ ওপৰত আধাৰিত ৰেংক, প্ৰি-টেষ্টত দেখুওৱা আটাইতকৈ বেয়া একাগ্ৰতা নম্বৰ আচৰণত প্ৰয়োগ কৰা হয়। যিকোনো টেষ্ট  ছেছন(অধিবেশন)ত এজন শিক্ষাৰ্থীক 2 বা ততোধিক আচৰণত শ্ৰেণীবদ্ধ কৰা হ’ব পাৰে।

এই পদক্ষেপটোৰ বাবে টাইম কম্প্লেক্সিটি = 0(N)

5. পোষ্ট-টেষ্টত শিক্ষাৰ্থীগৰাকীয়ে য’ত তেনে আচৰণ প্ৰদৰ্শন কৰিছে সেই প্ৰতিটো আচৰণ সকলো টেষ্টৰ প্ৰৱিষ্টিৰ বাবে বাছনি কৰা হয়।

প্ৰদান কৰা ৰেংকিং অনুসৰি, কেৱল প্ৰি-টেষ্ট আৰু পোষ্ট-টেষ্টৰ মাজৰ শিক্ষাৰ্থীগৰাকীৰ আচৰণৰ উত্তৰণ হোৱা টেষ্ট প্ৰবিষ্টিবোৰহে লোৱা হৈছিল।

আমি নম্বৰ বৃদ্ধিৰ ওপৰত ভিত্তি কৰি আচৰণৰ পৰিৱৰ্তনৰ এক ভাৰিত মাধ্য পাওঁ।

ভাৰিত মাধ্য=  (( Σ( প্ৰি-টেষ্টৰ একাগ্ৰতাৰ নম্বৰৰ ভাৰ- পোষ্ট-টেষ্টৰ একাগ্ৰতাৰ নম্বৰৰ ভাৰ)* ব্যৱহাৰকাৰীয়ে লাভ কৰা নম্বৰৰ উত্তৰণ )/ গোটৰ আকাৰ ) * (নৰ্মেলাইজেশ্যন ফেক্টৰ)

য’ত, নৰ্মেলাইজেশ্যন ফেক্টৰ=  একাগ্ৰতাৰ নম্বৰৰ সংখ্যা/Σ(প্ৰতিটো একাগ্ৰতাৰ নম্বৰলৈ নিৰ্ধাৰিত ভাৰ) = 10/55

যিহেতু আমি প্ৰতিটো ৰেংকক অসমান ভাৰ দিছো, আমি নৰ্মেলাইজেশ্যন ফেক্টৰ এটা অন্তৰ্ভুক্ত কৰিব লাগিব। যদি আমি প্ৰতিটো ৰেংকক সমানে গুৰুত্ব দিলোহেঁতেন, অৰ্থাৎ, যদি প্ৰতিটো ৰেংকৰ ভাৰ 1 হয়, তেন্তে ৰেংকৰ ভাৰৰ যোগফল 10 হ’লহেঁতেন।

অৱশ্যে, আমাৰ এইটো ক্ষেত্ৰত, আমি সমান ভাৰ দিয়া নাই। আমি নিশ্চিত কৰিব লাগিব যে তুলনামূলকভাৱে, “অসাৱধানতা”ৰ তুলনাত “নিয়ন্ত্ৰণত”ৰ 10 গুণ ভাৰ কম আছে। 10/55 ভাৰ “নিয়ন্ত্ৰণত”ক আৰু 10 x 10/55 ভাৰ “অসাৱধানতা” দি আমি এইটো পাব পাৰো। ঠিক তেনেদৰে, প্ৰত্যেকটো আচৰণকে ৰেংক*(10/55) ৰ সমান ভাৰ দিয়া হয়।

লক্ষ্য কৰা যে  Σ(ৰেংক * 10/55),  য’ত ৰেংক ∈ Z আৰু ৰেংক ∈ [1,10] ৰ পৰা পাওঁ 10, যিটো আমি পালোহেঁতেন যদিহে কোনো ভাৰ প্ৰাচল নাথাকিলহেঁতেন। 

এই পদক্ষেপটোৰ বাবে টাইম কম্প্লেক্সিটি = 0(N)

6. 1.63 ফেক্টৰ এটাৰে মানসমূহ স্কেল ডাউন কৰা।

স্কেল ডাউন মান=  (ৰেংকৰ মাজত হ’ব পৰা সৰ্বাধিক পৰিৱৰ্তন ) * নৰ্মেলাইজেশ্যন ফেক্টৰ

=(10 – 1) *(10/55) = 9 * 10/55
                        =1.63

এই পদক্ষেপটোৰ বাবে টাইম কম্প্লেক্সিটি = 0(p)

ফ্ল’ চাৰ্ট

পৰ্যবেক্ষণসমূহ

আচৰণগড় উত্তৰণৰ অনুপাতSSS ষ্ট্ৰিং
নিয়ন্ত্ৰণাধীন6.59নিম্ন আচৰণকাৰী শিক্ষাৰ্থীতকৈ নিয়ন্ত্ৰণাধীন শিক্ষাৰ্থীসকলে সাধাৰণতে 6.6 গুণ দ্ৰুত হাৰেৰে উত্তৰণ ঘটায়
মাৰাথনাৰ7.14নিম্ন আচৰণকাৰী শিক্ষাৰ্থীতকৈ মাৰাথনাৰ শিক্ষাৰ্থীসকলে সাধাৰণতে 7.1 গুণ দ্ৰুত হাৰেৰে উত্তৰণ ঘটায়
কঠোৰ পৰিশ্ৰম কৰিছা8.49নিম্ন আচৰণকাৰী শিক্ষাৰ্থীতকৈ “কঠোৰ পৰিশ্ৰম কৰিছা”ৰ আওতাত পৰা শিক্ষাৰ্থীসকলে সাধাৰণতে 8.5 গুণ দ্ৰুত হাৰেৰে উত্তৰণ ঘটায়
প্ৰায় সফল হৈছাই6.19নিম্ন আচৰণকাৰী শিক্ষাৰ্থীতকৈ “প্ৰায় সফল হৈছাই”ৰ আওতাত পৰা শিক্ষাৰ্থীসকলে সাধাৰণতে 6.2 গুণ দ্ৰুত হাৰেৰে উত্তৰণ ঘটায়
লেহেম4.28নিম্ন আচৰণকাৰী শিক্ষাৰ্থীতকৈ “লেহেম”ৰ আওতাত পৰা শিক্ষাৰ্থীসকলে সাধাৰণতে 4.3 গুণ দ্ৰুত হাৰেৰে উত্তৰণ ঘটায়
আৰু অধিক পৰিশ্ৰম কৰা3.85নিম্ন আচৰণকাৰী শিক্ষাৰ্থীতকৈ “আৰু অধিক পৰিশ্ৰম কৰা”ৰ আওতাত পৰা শিক্ষাৰ্থীসকলে সাধাৰণতে 3.8 গুণ দ্ৰুত হাৰেৰে উত্তৰণ ঘটায়
অতি আত্মবিশ্বাসী5.51নিম্ন আচৰণকাৰী শিক্ষাৰ্থীতকৈ অতি আত্মবিশ্বাসী শিক্ষাৰ্থীসকলে সাধাৰণতে 5.5 গুণ দ্ৰুত হাৰেৰে উত্তৰণ ঘটায়
নিম্ন আত্মবিশ্বাস1.05নিম্ন আচৰণকাৰী শিক্ষাৰ্থীতকৈ নিম্ন আত্মবিশ্বাস থকা শিক্ষাৰ্থীসকলে সাধাৰণতে 1.0 গুণ দ্ৰুত হাৰেৰে উত্তৰণ ঘটায়
ইয়াৰ পৰা তালৈ জপিওৱা0.69নিম্ন আচৰণকাৰী শিক্ষাৰ্থীতকৈ “ইয়াৰ পৰা তালৈ জপিওৱা”ৰ আওতাত পৰা শিক্ষাৰ্থীসকলে সাধাৰণতে 0.7 গুণ দ্ৰুত হাৰেৰে উত্তৰণ ঘটায়

চাৰিটা ইতিবাচক আচৰণৰ ভিতৰত দেখা গৈছে যে বেছিভাগ ছাত্ৰ-ছাত্ৰীয়ে টেষ্ট ছেছনতেই(অধিবেশন) চেষ্টা কৰা(৩৫.৪%) আৰু লক্ষ্যত উপনীত হোৱা (৩০%) আচৰণ প্ৰদৰ্শন কৰে।নেতিবাচক আচৰণৰ ভিতৰত ছাত্ৰ-ছাত্ৰীসকলে চঞ্চলামী কৰা (৩৩%) আৰু অধিক কষ্ট কৰা  (৫০%) প্ৰৱণতা প্ৰকাশ কৰে।

ভবিষ্যতৰ কাম

  1. শিক্ষাৰ্থীসকলৰ আচৰণ চিনাক্ত কৰিবলৈ তত্বাৱধানহীন শিকনৰ প্ৰয়োগ – ই প্ৰণালীটোক ব্যয় কৰা সময়, নিৰ্ভুলতা আৰু প্ৰচেষ্টাৰ শতাংশ সম্পৰ্কে পক্ষপাতিত্ব দূৰ কৰাত সক্ষম কৰি তুলিব।
  2. নিউৰেল নেটৱৰ্ক আৰু অন্যান্য গভীৰ শিক্ষণ-আধাৰিত পদ্ধতিৰ জৰিয়তে শিকা উদ্দেশ্যমূলক কাৰ্য ব্যৱহাৰ কৰি নম্বৰৰ উত্তৰণ স্বাভাৱিকীকৰণ।
  3. এক নিৰ্দিষ্ট প্ৰকাৰৰ টেষ্টত ব্যৱহাৰকাৰীৰ ভৱিষ্যতৰ সফলতাৰ কাহিনীৰ পূৰ্বানুমান কৰা আৰু Embibe ভাগফল স্কোৰৰ সৈতে আমাৰ নমুনাৰ প্ৰদৰ্শন বিশ্লেষণ কৰা।
  4. ব্যক্তিগতকৃত সফলতাৰ কাহিনীৰ ওপৰত ভিত্তি কৰি সৰ্বশ্ৰেষ্ঠ সমল আৰু টেষ্ট প্ৰদান কৰিবলৈ প্ৰশংসিত ইঞ্জিন।